![]() |
|
List of Classwise Postion Holderমৌচাক
যিদৰে মৌমাখিয়ে বিভিন্ন ঠাইৰ পৰা, বিভিন্ন ৰঙৰ, বিভিন্ন সুগন্ধৰ, বিভিন্ন আকাৰৰ ফুলৰ পৰা মৌ সংগ্ৰহ কৰি মৌচাক সাজে, ঠিক সেইদৰে এই আলোচনী খনতো সাহিত্যৰ বা জানিব লগা আন বিভিন্ন কথাৰ ৰস থুপ খাই থাকে আৰু শিশু সকলে তাৰ পৰা সেইয়া আহৰণ কৰিব পাৰে| মৌচাক শিশুসকলক সমসাময়িক ঘ্টনাৰাজিৰ সৈতে পৰিচয় কৰি দিব পৰাকৈ, তেওঁলোকৰ বাবে, তেওঁলোকৰ মানসিক উত্তৰণ ঘটাব পৰাকৈ, জ্যেষ্ঠসকলৰ সৈতে থকা জেনেৰেচন গেপ কমাব পৰাকৈ, ল’ৰা-ছোৱালিৰ কামত অহাকৈ, তেওঁলোকক বুজাব পৰাকৈ, তেওঁলোকৰ বাবে, তেওঁলোকৰ ভাষাতে লিখা এখন আলোচনী| মৌচাকৰ বৈশিষ্ট এই কথাত যে যদিও ই এক শিশু আলোচনী, ইয়াক বয়ষ্ক মানুহেও একেই উত্সাহেৰে পঢ়ে| ইয়াৰ এক অন্যতম কাৰণ হ’ল ইয়াত প্ৰয়োগ কৰা সংবাদ-সাহিত্য| যোৱা ২৭ বছৰে, অসম আৰু চুবুৰিয়া ঠাইত মৌচাকে মৌ বিলাই আহি আজি এই ৱেবচাইটৰ যোগেদি বিশ্ব দৰবাৰত মৌ বিলোৱাৰ প্ৰচেষ্টা চলাইছে|